
কিছু কথাৰ উত্তৰ বিচাৰি উজাগৰে থাকোঁ আজিও।
মৰমৰ মাত সাৰ শুনিবলৈ আজিও কীয় জানো থাকোঁ ৰৈ।
দিনবোৰ কেনেকৈ সলনি হৈ ৰল।
তুমি আৰু মই যেন হেৰাই গলো নজনা বাটে।
কিছু কথাৰ উত্তৰ বিচাৰি উজাগৰে থাকোঁ আজিও।
লোৰলি কালৰ হেই দিনবোৰ।
আঁ! হেই স্মৃতি বোৰ।
নদীৰ কোমল বতাহ যাকে যেন উৰুৱাই লৈ গল ভাল লগা সমই বোৰ।
মন ভৰি আহিছে।
কি লিখিম আৰু কেনেকৈ লিখিম?
মনৰ মাজৰ কথাবোৰক, শব্দ দিব নোৱাৰা হলো।
শুখি মই, কিন্তু নাজানো কিয় দোষত ভাগি পৰো।
অমানিশা যেন আৰু কেতিয়াও আঁতৰি যাব নিবিচাৰে।
তোমাৰ লগত থাকিব নোৱাৰোঁ,
না তোমাৰ অভিহনে থাকিব পাৰোঁ।
আজিলে অকল শুনিছিলোঁ প্ৰেমৰ কথা,
আজি নিজে অনুভৱ কৰিছো।
আধৰুৱা প্ৰেমে আমাকো কবি বনাই পেলালে,
কবিতা, যেন আধা লিখা প্ৰেমৰ চিঠি।
কিছু কথাৰ উওৰ বিচাৰি উজাগৰে থাকোঁ আজিও।
ইতি,
তোমাৰ মৰমৰ
নেহা। 🌻